অসমৰ উচ্চ শিক্ষা আৰু নতুন শিক্ষানীতি
পৰিস্মিতা ফুকন
Email I'd : porishmitap53@gmail.com
ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) ৰ আধাৰত অসমৰ উচ্চ শিক্ষালৈ অহা পৰিৱৰ্তনসমূহ কেৱল এক প্ৰশাসনিক সালসলনি নহয়, বৰং ই এক বৃহৎ গাঁথনিগত ৰূপান্তৰ । পৰম্পৰাগত 'ডিগ্ৰী কেন্দ্ৰিক' মানসিকতাৰ পৰা আঁতৰি শিক্ষাৰ্থীক গৱেষণা আৰু ব্যৱহাৰিক দক্ষতাৰ (Skill Development )দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই নীতি এক মাইলৰ খুঁটি ।
এই নতুন ব্যৱস্থাটোৰ আটাইতকৈ ডাঙৰ ইতিবাচক দিশ বা সুবিধাটো হৈছে ইয়াৰ কেন্দ্ৰীকৃত ডিজিটেল ব্যৱস্থাপনা। ইয়াৰ ফলত সমগ্ৰ নামভৰ্তি প্ৰক্ৰিয়াটোত এক স্বচ্ছতা আৰু সৰলতা আহি পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া পূৰ্বৰ দৰে বিভিন্ন কলেজলৈ দৌৰাদৌৰি নকৰি ঘৰৰ পৰাই একক পৰ্টেলৰ জৰিয়তে একাধিক শিক্ষানুষ্ঠানৰ বাবে আৱেদন কৰিব পৰা হৈছে । ইয়াৰ উপৰি, চাৰি বছৰীয়া সংহত স্নাতক পাঠ্যক্ৰমৰ অধীনত থকা বহুমুখী প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধা (Multiple Entry and Exit) তথা স্নাতক পৰ্যায়তে পোনে পোনে গৱেষণা কৰাৰ সুযোগে শিক্ষাৰ্থীৰ সৃষ্টিশীলতাক গোলকীয় মানদণ্ডৰ সৈতে একাকাৰ কৰাৰ এক প্ৰশংসনীয় প্ৰয়াস কৰিছে। আমাৰ শিক্ষা ব্যৱস্থাটোক অধিক নমনীয়, মেধা-ভিত্তিক আৰু বিশ্বমুখী কৰাৰ যি প্ৰয়াস কৰা হৈছে, তাৰ দূৰদৰ্শিতা অৱশ্যেই ইতিবাচক ।
কিন্তু এই নতুন শিক্ষা দৰ্শনক যেতিয়া তৃণমূল পৰ্যায়ত প্ৰয়োগ কৰা হয়, তেতিয়া ইয়াৰ বহুমুখী প্ৰভাৱ আৰু কাৰিকৰী আন্তঃগাঁথনিৰ সাময়িক সীমাবদ্ধতাই শিক্ষাৰ্থীসকলৰ মাজত কিছু ব্যৱহাৰিক অসুবিধা আৰু মানসিক চাপৰ সৃষ্টি কৰা দেখা গৈছে । প্ৰক্ৰিয়াটো চলি থকাৰ সময়ত হোৱা চাৰ্ভাৰৰ বিসংগতি বা ডিজিটেল লিংকৰ কাৰিকৰী ত্ৰুটিসমূহ কেৱল যান্ত্ৰিক অসুবিধাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, ই এজন শিক্ষাৰ্থীৰ সময় আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এক মোক্ষম আঘাত সানিছে। উচ্চ শিক্ষাৰ দৰে এটা সংবেদনশীল কেৰিয়াৰৰ সন্ধিক্ষণত থকা যুৱপ্ৰজন্মৰ বাবে এনেকুৱা প্ৰতিটো কাৰিকৰী পলম বা খেলিমেলি হোৱা মানেই তেওঁলোকৰ শৈক্ষিক মনোযোগ আৰু আত্মবিশ্বাসৰ অৱক্ষয় ঘটা ।
আন এক গুৰুত্বপূৰ্ণ বিদ্যায়তনিক প্ৰত্যাহ্বানটো দেখা গৈছে পুৰণি তিনি বছৰীয়া (CBCS) আৰু নতুন চাৰি বছৰীয়া (FYUGP) শিক্ষাৰ্থীসকলৰ মাজত থকা নীতিগত সংযোগহীনতাৰ বাবে। যিসকল শিক্ষাৰ্থীয়ে পুৰণি ব্যৱস্থাত ডিগ্ৰী সম্পূৰ্ণ কৰিছে, তেওঁলোকৰ বাবে স্নাতকোত্তৰ পৰ্যায়ত আসনৰ অনুপাত আৰু নামভৰ্তিৰ নিয়মসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো এক জটিল প্ৰক্ৰিয়া হৈ পৰিছে। এই দুই ভিন্ন ব্যৱস্থাৰ মাজত এক সুষম সমতা স্থাপন নকৰিলে এক বৃহৎ সংখ্যক শিক্ষাৰ্থী সাময়িকভাৱে শৈক্ষিক ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা থাকে । ইয়াৰ উপৰি, নগৰীয়া অঞ্চলৰ তুলনাত গ্ৰাম্য অঞ্চলৰ মহাবিদ্যালয় বা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এই নতুন ডিজিটেল ব্যৱস্থাৰ সৈতে খোজ মিলাওঁতে সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত এক ধৰণৰ ডিজিটেল বৈষম্য গঢ়ি উঠাৰ সম্ভাৱনা থাকে ।
অসমৰ উচ্চ শিক্ষাৰ এই নতুন যাত্ৰাক প্ৰকৃততে ফলপ্ৰসূ কৰিবলৈ হ’লে চৰকাৰী নীতিৰ ইতিবাচক দিশসমূহৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয় প্ৰশাসন আৰু নীতি-নিৰ্ধাৰকসকলে তৃণমূল পৰ্যায়ৰ ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহকো সহানুভূতিশীলতাৰে গ্ৰহণ কৰিব লাগিব। ডিজিটেল ব্যৱস্থাক অধিক সৰল আৰু সুৰক্ষিত কৰা, স্পষ্ট নিৰ্দেশনা সময়মতে প্ৰদান কৰা আৰু দুয়োটা শৈক্ষিক গ্ৰুপৰ বাবে আসনৰ এক সংগতি ৰক্ষা কৰাটোৱেই হ’ব বৰ্তমান সময়ৰ আটাইতকৈ জৰুৰী পদক্ষেপ । শিক্ষাৰ্থীক কেন্দ্ৰ কৰিয়েই যিহেতু এখন সমাজৰ বৌদ্ধিক ভৱিষ্যত গঢ়ি উঠে, গতিকে তেওঁলোকৰ শৈক্ষিক পৰিৱেশক মানসিক চাপমুক্ত আৰু সুচল কৰি ৰখাটোহে এই যুগান্তকাৰী শিক্ষানীতিৰ প্ৰকৃত সফলতা হ’ব।
-অসমৰ উচ্চ শিক্ষা ব্যৱস্থাত NEP2020 কিমান ফলপ্ৰসু?অসমৰ উচ্চ শিক্ষা গাঁথনিত কিমান পৰিৱৰ্তন হৈছে, এই সম্পৰ্কে পৰিস্মিতা ফুকনে চমুকে বৰ্ণনা কৰা হৈছে এই লেখাটিত।

0 Comments